সেই দিনবোৰ | Narendra Sona | IIT Guwahati

সেই দিনবোৰ | Narendra Sona | IIT Guwahati

মোৰ প্ৰাথমিক শিক্ষাৰ সেই সোণালী দিনবোৰ মনত পৰে অবিৰতভাৱে। ছাত্র জীৱনৰ প্রথম খোজ আগবঢ়োৱা সেই দিনবোৰত থুপ খাই থকা অনুভৱ অভিজ্ঞতাবোৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। তথাপিও ৰেখাপাত কৰি যোৱা সেই সোণসেৰীয়া সময়বোৰে ৰিঙিয়াই যোৱা দিনবোৰৰ কথা ক'বলৈ মন যায়। আমি কণমানিটি হৈ থকা সেই দিনবোৰৰ বিদ্যায়তনিক নিত্যসূচীৰ অনুশীলনবোৰৰ গুৰুত্ব যে কিমান... সেয়া আজি মই অনুভৱ কৰিব পাৰিছো। ছাৰ বাইদেউৰ মৰম-আদৰ, আনফালে নেওঁতা মাতিব নোৱৰাত খোৱা এচাৰিৰ কোববোৰৰ বাবেই আজি দাপোনত নিজৰ চকুত চকু মিলাই থিয় দিব পৰা হৈছো, সেয়া আমাৰ বাবে এক নিৰৱধি প্রকাশ।

কাকপথাৰৰ তেতিয়াৰ অট' ষ্টেণ্ডৰ পৰা বাওঁহাতে সৰু ৰাস্তাইদি সোমাইগৈ গলগলী পট্টী তিনিআলি হৈ সোঁহাতে অকণমান যোৱাৰ পিছত কেকুৰিয়েদি বাওঁহাতে পোনেই আগলৈ গ'লে সৰু তিনিআলি এটি পাইছিলো। কাঠবস্তিলৈ ঢলি থকা sand-gravel ৰ পথ, এখন সৰু দোকান (য'ৰ পৰা প্ৰায়েই টিফিনৰ বাবে খোৱাবস্তু লৈছিলো), কাকপথাৰ ফিল্ডৰ পিছফালে ওলোৱা ৰাস্তা আৰু সেইখিনিতে ২০০৪ চনত স্থাপিত হৈছিল মোৰ শিক্ষা গ্রহণৰ প্রথম থলী জাতীয় বিদ্যালয় কাকপথাৰ। চন্দনৰ গছজোপা আৰু দমকলত দুহাতেৰে পানী খোৱা দিনবোৰ আজিও মই বিচাৰি ফুৰো। প্রায় ১৮ বছৰৰ পাছতো আজি যেতিয়াই মই সেই ৰাস্তাৰে যাওঁ, সৰুকালৰ স্মৃতিবোৰে মনক ঘেৰি ধৰে। প্রথমেই পাইছিলো এগৰাকী আইতাৰ দোকান, ওচৰতে আছিল কেইজোপামান নাৰিকলৰ গছ। প্রথম নাৰিকল গছ মই তাতেই দেখা মনত পৰে। কেতিয়াবা কাঠপেঞ্চিল, কেতিয়াবা ৰবৰ, কেতিয়াবা sketch pen আদি কিনিবলৈ প্রায়েই আইতাৰ দোকানখনতে সোমাইছিলো। আজি আইতাৰ খবৰো ল'বগৈ পৰা নাই...। সময় যে নদীৰ দৰেই গতিশীল। তথাপি সদায়েই আশা কৰাৰ দৰেই আইতাক আজি যদি লগ পাওঁ, হয়তো, তেখেতে চিনি নাপাব পাৰে কিন্তু কথাবোৰ (স্মৃতি) দোহাৰিলে তেখেতৰো পুৰণি দিনবোৰ সজীৱ হৈ উঠিব। কেইবছৰমান আগতে এবাৰ গৈছিলো, পুৰণি কথাবোৰ কৈ আইতাৰ চৰণ চুই সেৱা জনাওঁতে মূৰত হাত বোলাই পঢ়ি-শুনি সুনাম কঢ়িয়াই আনিবলৈ দিয়া আইতাৰ আশীর্বাদতে জীৱনত আগুৱাই যোৱাৰ উৎসাহ দিয়ে। এনে বহু স্মৃতিয়েই সাঙোৰ খাই আছে বিদ্যালয়লৈ যোৱা এই পথছোৱাত।

মই জাতীয় বিদ্যালয় কাকপথাৰৰ প্ৰথম batch ৰ ১২ জন ছাত্ৰ-ছাত্ৰীৰ এজন। মোৰ সহপাঠীসকলৰ কথা মই সাঁচি ৰখা দ্বিতীয় শ্রেণীৰ group ফটোখন দেখিলে বাৰুকৈয়ে মনত পৰে। আল্পনা চেতিয়া, সন্ধ্যাৰাণী বৰুৱা, নীলাক্ষী মৰাণ, অনিন্দিতা মৰাণ, গার্গী প্রিয়দর্শিনী চেতিয়া, অনিশা ডেকা, ববী মৰাণ, পদ্যকুমাৰ মৰাণ, বিকাশ গগৈ, মুনজ্যোতি চেতিয়া, মিফুমণি ডাঙৰীয়া, সুৰজ মৰাণ, লগতে মই। এই বন্ধু বান্ধৱীসকলৰ লগতেই মোৰ ছাত্র জীৱনৰ আৰম্ভণি হৈছিল। দ্বিতীয় শ্রেণীত আমাৰ শ্রেণী তত্বাৱধায়ক আছিল শ্ৰদ্ধাৰ ৰীমা বাইদেউ আৰু ৰূপাঞ্জলী বাইদেউ। তেখেতসকলক জীৱনৰ প্ৰথম শিক্ষাগুৰু হিচাপে পাই মই নিজকে সৌভাগ্যবান বুলি ভাবো। পেঞ্চিল ধৰাৰ পৰা আৰম্ভ কৰি, পৰিস্কাৰকৈ হাতৰ আখৰ লিখাৰ পৰা লৈ সাধুকথা কোৱা, কবিতা পাঠ কৰা আদি বিদ্যালয়ৰ দৈনন্দিন ক্রিয়া-কলাপসমূহে আমাৰ সুপ্ত প্রতিভাবোৰৰ বিকাশ ত্বৰান্বিত কৰিছিল। তেনেদৰেই শনিবাৰৰ দিনা কৰা হাতৰ কাম মোৰ সদায়েই মনত পৰে, কঁচুৰ সৰু সৰু ঠাৰিত ৰং লগাই ভিন ভিন আকাৰৰ ফুলৰ কলাজ বনোৱা। তেখেতসকলৰ মৰম আৰু অনুশাসনতে কণ কণ আমিবোৰে পাঠ্যপুথিৰ জ্ঞান আৰু নীতিশিক্ষাৰ দ্বাৰাই জীৱনৰ ৰাজহাড় সদৃশ গুণবোৰ আয়ত্ত কৰিছিলোঁ। বাঁহৰ চাৰিবেৰৰ শ্ৰেণীকোঠাত ছাৰ-বাইদেউৰ প্রজ্বলিত জ্ঞানৰ জ্যোতিৰে আমি প্রতিদিনে অধিক আগ্রহেৰে শিকি গৈছিলোঁ। আৰু এনেদৰেই আগবাঢ়ি গৈছিল মোৰ ছাত্র জীৱনৰ সোণালী দিনবোৰ। ছাত্র জীৱনৰ সৰুকালৰ দিনবোৰৰ কথা কৈ শেষ কৰিব নোৱাৰি। হাতৰ কাম কৰোঁতে ইটোৱে-সিটোক কঁচুৰ ঠাৰিৰে ৰং লগোৱা, হাতত কেতিয়াবা feviquick লাগি যোৱা, বৰষুণৰ বতৰত অকণমান ফাটি থকা জোতাত পানী সোমাই জিপ্-জিপ্ কৰা মাতেৰেই ক্লাছ কৰি কটাই দিয়া দিনবোৰ তথা পানী খোৱা চুটিত লগৰবোৰৰ লগত আপোন পাহৰা হৈ খেলা দিনবোৰ যে কেৱল স্ফুর্তিৰে দিন আছিল তেনে নহয়। সেই দিনবোৰতে লুকাই আছে মোৰ জীৱনৰ গুৰুত্বপূর্ণ সময়, ছাৰ-বাইদেউৰ শিক্ষা দানৰ লগতে চৰিত্ৰ গঠনৰ এনে এক প্রক্রিয়া যি সঁচাকৈয়ে বিৰল।

বহু ছাত্র-ছাত্রী আজি এই বিদ্যালয়ৰে পৰা শিক্ষা গ্রহণ কৰি সমাজ, ৰাজ্য আৰু দেশসেৱাত ব্রতী হৈ আছে আৰু বহুজন মোৰ দৰে এতিয়াও অধ্যয়নৰত। আমি সকলোৱেই নিজকে জাতীয় বিদ্যালয় কাকপথাৰৰ প্রাক্তন ছাত্র বা ছাত্রী হিচাপে চিনাকী দিবলৈ আনন্দ আৰু গৌৰৱবোধ কৰোঁ। এই বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ জ্ঞানৰ আলোকেৰে আলোকিত বহু ছাত্ৰৰ জীৱন আৰু এই আলোকিত জীৱনবোৰেই হৈছে বিদ্যালয়খনৰ পৰিচয়। এই পৰিচয় আজিও দ্বীপ্তিমান আৰু ভবিষ্যতলৈ আৰু অধিক দ্বীপ্তিমান হৈ উঠিব। মনত অংকুশ দি, ৰৈ যোৱা বহু কথা আগলৈ বুলি...

Guest Post by,

Er. Narendra Sona

Research Scholar at IIT Guwahati


Post a Comment

0 Comments