ইয়াক আমি মানুহৰ শৰীৰটোৰ পৰা বুজিব পাৰো।
মনৰ চিন্তা, ইচ্ছা আৰু বিচাৰ - বিবেচনাৰ পৰা আমাৰ কৰ্মপ্ৰেৰণা জাগে। সেয়েহে মনটোৱে মগজুক কাম কৰাৰ নিৰ্দেশ দিয়ে। তাৰ পিছত মগজুৱে হাত আৰু অন্য অংগৰ সহায়ত নিৰ্দিষ্ট কাম এটা সম্পন্ন কৰে।
এতিয়া যদি আমি মগজু আৰু হাতখনলৈ লক্ষ্য কৰো তেন্তে দেখিম যে এতিয়ালৈকে মগজু আৰু হাতখনে কোনো লাভ নোহোৱাকৈ ত্যাগীভাৱে কাম কৰি গৈছে।
ইয়াৰ পিছত যেতিয়া খাদ্য খোৱাৰ সময় আহে, তেতিয়া আকৌ মগজুৱে ভোক জাগি উঠাৰ বাবে হাতখনক খাবলৈ নিৰ্দেশ দিয়ে। হাতখনে আকৌ ত্যাগীভাৱে মুখখনে খোৱাৰ উপযোগীকৈ খাদ্য খোৱাই দিয়ে। তাৰ পিছত পুনৰ ত্যাগীভাৱত Saliva ৰ সৃষ্টি হয় আৰু তাৰ সহায়ত খাদ্য পাকস্থলীলৈ যায় আৰু শেষত ক্ষুদ্ৰান্ত, বৃহদান্তৰ পৰা খাদ্যৰ ৰস শৰীৰৰ প্ৰতিটো অংগলৈ যায়।
গতিকে ত্যাগীভাৱে কৰা কোনো কাম অথলে নাযায়; কৰোঁতাজনে নিশ্চয় প্ৰাপ্যখিনি যোগ্যানুসাৰে লাভ কৰে।
ধন্যবাদ।।
0 Comments
Feel free to write your thoughts in comments!