Digital Economy ৰ ফলস্বৰূপে আমি সম্পূৰ্ণ অৰ্থনৈতিক গোলামীৰ দিশত আগবাঢ়িছো নেকি?

Digital Economy ৰ ফলস্বৰূপে আমি সম্পূৰ্ণ অৰ্থনৈতিক গোলামিৰ দিশত আগবাঢ়িছো নেকি?

এই মাহৰ মোবাইল ৰিছাৰ্জ, বিদ্যুতৰ বিল আদিবোৰ চাগে আপুনি Online Payment ৰ মাধ্যমেৰে দিছে নহয় জানো? হয় ময়ো প্ৰায় সকলো ৰিছাৰ্জ আৰু বিল Google Pay ৰ জৰিয়তে payment কৰো। এতিয়া আপুনিয়েই কওঁক কিয়নো Online Payment নকৰিম বাৰু! দিনটোত আমাৰ কিমান কাম থাকে, তাৰ মাজতে APDCL ৰ অফিচত গৈ লাইন‌ পাতি বিল দিয়াতকৈ বা ষ্টোৰ এখনত গৈ মোবাইল ৰিছাৰ্জ কৰাতকৈ আমাৰ কামৰ মাজতে online payment কৰাটো কিমান যে সহজ, মাত্ৰ ছেকেণ্ডৰ কাম! সেয়েহে আজিকালি গাঁৱত থকা প্ৰায়ভাগ লোকেও online payment এ কৰিবলৈ লৈছে।

ওপৰে ওপৰে এই গোটেই চিষ্টেমটো কিমান ভাল আৰু সহজ ভাবিলেই ভাল লাগে। কিন্তু এই চিষ্টেমটোৰ বিষয়ে অলপ দকৈ ভাবি চালে হয়তো আপুনিও অলপ হতচকিত হ'ব পাৰে। বহুত কম মানুহেহে ইমান দূৰলৈকে ভাবি চায়। মই কিয় এনেকৈ কৈছো অলপ পিছতে গম পাব।

লাহে লাহে সকলো মানুহে যেতিয়া কেৱল অনলাইন পেমেন্ট কৰিবলৈ ল'ব তেতিয়া যিকোনো ৰিচাৰ্জ, বিল, exams, job application আদি সকলো ধৰণৰ জৰুৰী কামবিলাকৰ বাবে Offline Payment mode টো বন্ধ হৈ যাব। এতিয়াই আপুনি যদি university, engineering বা medical ৰ entrance exam দিবলৈ যায় তেন্তে এইবিলাকত offline payment ৰ ব্যৱস্থাই নাই। গতিকে এতিয়া হয়তো অলপ অনুমান কৰিব পাৰিছে চাগে যে অনলাইন পেমেন্ট ৰ ব্যৱস্থা সকলো ক্ষেত্ৰতে বাধ্যতামূলক হৈ গৈ আছে। আৰু এনেকৈয়ে কেইবছৰমানৰ পিছত গোটেই দেশ cashless হৈ যাব। তেতিয়া আপুনি পকেটৰ পৰা কাগজৰ নোট উলিয়ালে মানুহে আপোনালৈ তেৰা বেকাকৈ চাব আৰু হাঁহিবও। এবাৰ চিন্তা কৰক, আপুনি যদি wire থকা ২০ বছৰ পুৰণা টেলিফোন এটা কলেজলৈ লৈ যায় তেন্তে আপোনাৰ কি অৱস্থা হ'ব পাৰে! ঠিক সেই একেই অৱস্থা কাগজৰ নোটৰ ক্ষেত্ৰতো হ'বলৈ গৈ আছে।

এতিয়া আকৌ আহিছো অনলাইন পেমেন্টৰ প্ৰসংগলৈ। বৰ্তমান যদি আপুনি কাৰোবাক সোধে যে অৰ্থনৈতিক জগতত এতিয়া আটাইতকৈ HOT বস্তুটো কি তেন্তে সকলোৱে আপোনাক এটা উত্তৰেই দিব,‌ আৰু সেইটো হৈছে Crypto Currency.

হয়, একৈশ শতিকাৰ এই সময়ছোৱাতেই পৃথিৱীৰ অৰ্থনৈতিক জগতখনে এটা নতুন মোৰ লৈছে। Crypto Currency ৰ মূল উদ্দেশ্যটোৱেই হৈছে বৰ্তমানৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ বিকেন্দ্ৰীকৰণ কৰা অৰ্থাৎ Decentralised Finance. মানে এতিয়াৰ নিচিনাকৈ পৃথিৱীৰ বেংক আৰু চেন্ট্ৰেল বেংক বিলাকে যেনেকৈ গোটেই অৰ্থব্যৱস্থাটো নিয়ন্ত্ৰণ কৰি আছে, সেই ব্যৱস্থাটো এই Crypto Currency এ নোহোৱা কৰিব। এইটো মুদ্ৰা ব্যৱস্থাত কোনো ধৰণৰ চেন্ট্ৰেল বেংক বা চেন্ট্ৰেল পাৱাৰ নাথাকে। পৃথিৱীৰ বিভিন্ন ঠাইত কিছুমান কম্পিউটাৰৰ নেটৱৰ্ক আছে যিয়ে স্বয়ংক্ৰিয় ভাৱে এই চিষ্টেমটো নিয়ন্ত্ৰণ কৰে। আৰু এটা জৰুৰী কথা যেনেকৈ বেংক বিলাক কেতিয়াবা লুটি লৈ যায় তেনেকৈ এইটো চিষ্টেমত এই মুদ্ৰাবোৰ ডকাইত বা হেকাৰে লুটিব নোৱাৰে। এই Crypto Currency বা Blockchain Technology ৰ বিষয়ে আৰু বহুতো জানিব লগীয়া কথা আছে, আপুনি You Tube ত এই বিষয়ে চাৰ্চ কৰি অধিক জানিব পাৰে।

Crypto Currency ৰ প্ৰসংগটো এই কাৰণেই আনিলো কাৰণ ইয়ো অনলাইন পেমেন্টৰ ভিতৰতে পৰে। কিন্তু বৰ্তমান আপুনি ইয়াৰ জৰিয়তে ৰিছাৰ্জ বা বিল পেমেন্ট কৰিব নোৱাৰে, কাৰণ চৰকাৰে অনুমতি দিয়া নাই। ইয়াক ‌Legal Tender বুলিও কোৱা হয়। অৱশ্যে পৃথিৱীৰ কিছুমান দেশে ইয়াক legal tender হিচাপে ঘোষণা কৰিছে। আৰু লাহে লাহে বাকীবিলাক দেশেও Crypto Currency কিনা বেচাৰ (trading) বাবে অনুমতি দিছে আৰু চেন্ট্ৰেল বেংক বিলাকেও Blockchain Technology ৰ আধাৰত এক ডিজিটেল মুদ্ৰাৰ ওপৰত কাম কৰি আছে। যেনে ভাৰতৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই erupi ৰ ওপৰত কাম কৰি আছে আৰু অতি সোনকালেই ভাৰতৰ মানুহে ইয়াক ব্যৱহাৰ কৰিব পাৰিব।

এতিয়া আহিছোঁ আচল কথাটোলৈ যে ইন্টাৰনেট নহ'লে আপোনালোকে অনলাইন পেমেন্ট কৰিব পাৰিবনে, সি লাগিলে bank transfer ৰ জৰিয়তে, erupi ৰ জৰিয়তে বা crypto currency ৰ জৰিয়তেই হওঁক? -- নোৱাৰে।। কাৰণ অনলাইন পেমেন্ট চিষ্টেমত ভিতৰে ভিতৰে যিবোৰ protocol এ কাম কৰে সেইবোৰে কাম কৰিবলৈ ইন্টাৰনেট লাগিবই!
এতিয়া বোধহয় বুজি পাইছে চাগে যে কেনেকৈ আমি লাহে লাহে অৰ্থনৈতিক গোলামীৰ দিশলৈ গতি কৰি আছো।
কাৰণ যিটো মূল বস্তু অৰ্থাৎ ইন্টাৰনেট,‌ সেইটোৰ ওপৰতে আমাৰ একো নিয়ন্ত্ৰণ নাই। যদিও ২০২০ চনৰ জানুৱাৰী মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছিল যে ইন্টাৰনেট ব্যৱহাৰ কৰাটো এটা Fundamental Right, তথাপিও আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে এই প্ৰসংগটো আইনৰ আওতালৈ আনি এই ২০২১ চনতো দিল্লী, হাৰিয়ানা, পঞ্জাৱ আদি ঠাইত ইন্টাৰনেট সেৱা বন্ধ কৰিছিল আৰু যোৱা ছেপ্টেম্বৰ মাহতো ঠায়ে ঠায়ে কৃষক আন্দোলনক গাপ দিবলৈ ইন্টাৰনেট বন্ধ কৰিছিল।
CAA আন্দোলনৰ সময়তো অসমত এনেকৈয়ে ২-৩ সপ্তাহৰ কাৰণে ইন্টাৰনেট বন্ধ কৰিছিল। তেতিয়া আপোনাৰ কি অৱস্থা হৈছিল মনত পেলাওঁক! গতিকে fundamental right হোৱাৰ স্বত্বেও চৰকাৰে যেতিয়াই মন যায় তেতিয়া এই সেৱা স্থগিত কৰিব পাৰে।

এতিয়া আপোনালোকে ভাবিব পাৰে যে মানুহবোৰে আন্দোলন কৰিছিল কাৰণেহে ইন্টাৰনেট কাটিছিল, নকৰাহেঁতেন নাকাটিলেহেঁতেন! হয় ঠিকেই ভাবিছে, এজন average মানুহে ইমান দূৰলৈকেহে ভাবে। গোটেই অসমৰ মানুহে যে নিজৰ অধিকাৰক লৈ চৰকাৰক আহ্বান জনাই জনাই প্ৰতিবাদ কৰিছিল আৰু ইয়াৰ লগত যে ইতিহাসৰ বহুতো ডাঙৰ ঘটনা জড়িত হৈ আছিল সেই কথা কিছু সংখ্যক লোকে ভাবি চোৱা নাছিল। আৰু চৰকাৰেও যিমান পাৰে সিমান জনতাৰ কথা আওকাণ কৰি গৈছিল। আচল গণতান্ত্ৰিক ৰাষ্ট্ৰত এনেকুৱা পৰিস্থিতিত নেতা আৰু উচ্চ পদস্থ বিষয়াসকলে উপযুক্ত সুৰক্ষা ব্যৱস্থাৰ মাজত ৰাইজৰ মাজলৈ আহি তেওঁলোকৰ দাবী সমূহ শুনি তাৰ সমাধানৰ ওপৰত face to face আলোচনা কৰিব লাগিছিল। কিন্তু ইয়াকে নকৰি দুটামান সংবাদ মাধ্যমত আহি সান্তনা হে দিছিল। যেতিয়াই নেতাই জনতাৰ মাজত আহি স্পষ্টকৈ একো ক'ব নোৱাৰে তেতিয়াই বুজা যায় যে তেওঁলোক এক গোপন ৰাজনীতিত লিপ্ত।

বৰ্তমানৰ কথা যদি কওঁ তেন্তে চৰকাৰে কোনো কাৰণতেই এই ক'ৰনা টিকাক বাধ্যতামূলক বুলি ঘোষণা কৰিব নালাগিছিল। মই ব্যৱহাৰ কৰা শব্দবোৰত অলপ ধ্যান দিব, মই কৈছো যে চৰকাৰে এই টিকাটোক বাধ্যতামূলক বুলি ঘোষণা কৰিব নালাগিছিল। কাৰণ আচলতে এইটো বাধ্যতামূলক নহয়েই! হয় আপুনি ঠিকেই পঢ়িছে, ক'ৰনাৰ টিকা is not mandatory! (মই আধা অসমীয়া আধা ইংৰাজীত এইকাৰণে লিখিছোঁ নহ'লে গুগলে এই পষ্টটো ৰিমোভ কৰি দিব,‌ যিসকলে স্পষ্টকৈ এই কথা নিজৰ Blog আৰু You Tube channel ত লিখিছিল বা কৈছিল তেওঁলোকৰ প'ষ্ট আৰু ভিডিঅ' ডিলিট কৰি দিছে) । ডাঙৰ Pharma Company আৰু World Elite Leaders বোৰে চৰকাৰক জোৰ দি দি ভেকচিন বোৰ বিক্ৰী কৰিব বিচাৰিছে আৰু চৰকাৰে বাধ্যতামূলক বুলি ঘোষণা কৰি দিছে। ভেকচিন লোৱাটো যে বাধ্যতামূলক নহয় এই কথাটো Ministry of Health and Family Welfare (MoHFW) ৰ ৱেবচাইটত স্পষ্টকৈ উল্লেখ কৰা আছে। এই কথাটো নিউজ চেনেলবোৰে প্ৰচাৰ কৰা নাই কাৰণে মানুহে গম পোৱা নাই। তাত স্পষ্টকৈ লিখা আছে যে ভেকচিন লোৱাটো mandatory নহয়, মাত্ৰ উপদেশহে দিছে যে ললে ভাল। কিন্তু বহুতো প্ৰখ্যাত Scientific Journal এ এই কথা স্বীকাৰ কৰিছে যে ভেকচিন লোৱাৰ পিছতো আপুনি কোনোপধ্যেই সুৰক্ষিত নহয়, কাৰণ ভাইৰাছটোৱে ইমান কম সময়তে mutate কৰে যে ভেকচিনৰ একো প্ৰভাৱ নপৰে।

তলৰ লিংকটোত গৈ ৩ নং পইন্টটো পঢ়ি চালেই গম পাব। যদি এতিয়াও বিশ্বাস হোৱা নাই তেন্তে তলত RTI Report আৰু Bombay High Court ৰ Affidavit দিয়া আছে চাই ল'ব।

1. MoHFW doc:

https://www.mohfw.gov.in/pdf/FAQsonCOVID19VaccineDecember2020.pdf

2. RTI Report :

https://drive.google.com/file/d/1AItJQRoqEMM8r0LZnBBUtut2UWyVLGXW/view?usp=sharing

3. Bombay High Court Affidavit:

https://drive.google.com/file/d/1HYyitsVxNU1mAEGe9m3ERpmnza_-A_uv/view?usp=sharing

গতিকে এই ঘটনাবোৰৰ পৰা এইটো কথা নিশ্চিত যে আপুনি কোনোপধ্যেই চৰকাৰৰ ওপৰত বিশ্বাস কৰিব নোৱাৰে। আৰু বিশ্বাস নকৰো বুলি যদি আন্দোলনো কৰে তেন্তে আপোনাৰ দাবীৰ ওপৰত আলোচনা কৰাটো বাদেই, চিধাই আপুনি অপপ্ৰচাৰ চলাই জনসাধাৰণক বিভ্ৰান্ত কৰিছে বুলি ইন্টাৰনেট কাটি থৈ দিব। কাৰণ চৰকাৰে জানে যে ইন্টাৰনেটেই বৰ্তমান আপোনাৰ কাৰণে অক্সিজেন আৰু অক্সিজেন নাপালেই আপুনি বা আপোনাৰ দল সংগঠন লাহে লাহে নিষ্ক্ৰিয় হৈ পৰিব। ঠিক এনেদৰেই আপুনি ডিজিটেল পেমেন্ট ব্যৱস্থাৰ দ্বাৰা ধীৰে ধীৰে চৰকাৰৰ গোলাম হৈ পৰিব।  কাৰণ ইন্টাৰনেট আৰু ডিজিটেল পেমেন্ট এটা আনটোৰ লগত ওতঃপ্ৰোত ভাবে জড়িত।

এজন সচেতন নাগৰিক হিচাপে আপুনি এতিয়ালৈকে উক্ত ঘটনাবোৰ বিশ্লেষণ কৰি বুজি পাব লাগে যে এইবোৰ সকলো চৰকাৰৰ দমন নীতি আৰু লাহে লাহে ই অধিক কঠোৰ হৈ এটা সময়ত গোটেই গণতান্ত্ৰিক ব্যবস্থাৰ একো চিনমোকাম নোহোৱা হ'ব। গতিকে সময় থাকোঁতেই সজাগ হওঁক আৰু এনেকুৱা দমনমূলক নীতি লাগু কৰাৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰক।

প'ষ্টটো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি তেওঁলোককো সত্যটো জানিবলৈ দিয়ক।

ধন্যবাদ।।

Post a Comment

4 Comments

Feel free to write your thoughts in comments!