Covid-19, World Order - মোৰ ব্যক্তিগত অভিজ্ঞতা! (Part-1)

Covid-19, World Order - মোৰ ব্যক্তিগত অভিজ্ঞতা!

পোনপ্ৰথমেই কৈ দিব বিছাৰিছো যে Covid-19 ৰ এই মহামাৰী অৱস্থা এক সুন্দৰ পৰিকল্পিত ষড়যন্ত্ৰ। এতিয়া কোনে এই ষড়যন্ত্ৰ চলাই আছে সেইটো আৰু ডাঙৰ কথা। অলপ ধৈৰ্য ধৰক, লাহে লাহে সকলো বুজি উঠিব।
এই টোকাটো পঢ়াৰ পিছত তলত দিয়া eBook খন পঢ়ি চাব, তেতিয়া গোটেই dot বোৰ connect হৈ যাব।
বেছি দীঘলীয়া নকৰো, মই মাত্ৰ তথ্য আৰু প্ৰমাণৰ উৎসবোৰ দি যাম আৰু তাৰ পিছত সত্য অনুধাৱন কৰাটো আপোনালোকৰ কাম!
আৰু এটা কথা, মোক যিসকলে চিনি পায় তেওঁলোকে জানে যে মই সাধাৰণতে উল্টা পুল্টা কথা নাপাতো, সদায় শুদ্ধ আৰু সত্যটোহে পাতিবলৈ চেষ্টা কৰো। গতিকে যিখিনি কথা উল্লেখ কৰিছো, সকলো মই মোৰ ১০০% বিবেকৰ দ্বাৰা উল্লেখ কৰিছো।

এতিয়া Covid-19 লৈ আহো। এই ষড়যন্ত্ৰ বুজিবলৈ হলে প্ৰথমতে এই পৃথিৱীখন কোনে চলাই আছে সেইটো বুজিব লাগিব। আমি সাধাৰণতে ভাবো যে প্ৰত্যেকখন দেশ, ৰাজ্য, জিলা‌ কেইজনমান প্ৰতিনিধিয়ে চলাই আছে আৰু তেনেকৈয়ে পৃথিৱীখন চলি আছে, আৰু যেতিয়াই এই প্ৰতিনিধিসমূহৰ মাজত ৰাজনৈতিক, অৰ্থনৈতিক, ভৌগোলিক আদি বিষয়ৰ ক্ষেত্ৰত মত ভেদৰ সৃষ্টি হয় তেতিয়াই বিভিন্ন সমস্যা, যুদ্ধ, বিশ্বযুদ্ধ আদিৰ সৃষ্টি হয়। কিন্তু এইটো সম্পূৰ্ণ মিছা কথা। আৰু দুৰ্ভাগ্যৰ কথা যে ৮০% মানুহে জন্ম হৈ মৰালৈকে এইটোকে সত্য বুলি ভাবে, কাৰণ তেওঁলোকে গোটেই বিষয়টো এটা বেলেগ দৃষ্টিকোণৰ পৰা চাবলৈ চেষ্টাই নকৰে!

সত্যটো হৈছে যে এই পৃথিৱীখন মাত্ৰ হাতৰ আঙুলিত জুখিব পৰাকৈ কেইজনমান শক্তিশালী মানুহেহে চলাই আছে আৰু তেওঁলোকৰ নিৰ্দেশতে পৃথিৱীৰ সাধাৰণ প্ৰতিনিধিবোৰে (প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতি আদি) নাটক কৰি থাকে আৰু নিৰ্দেশ বোৰ পালন‌ কৰি যায়।
তেওঁলোক কিছুমান secret society ৰ অন্তৰ্গত। সম্পত্তিৰ ক্ষেত্ৰত সেইসকল Trillionairs, মানে আপুনি মই চিনি পোৱা আমেৰিকাৰ Jeff Bezoz, Elon musk, Bill Gates আদি Billionaire বিলাকৰো বাপেক!

বিশ্বৰ সেই সৰ্বশক্তিশালী ব্যক্তিসকলৰ জন্ম হয় Banking ব্যৱস্থাৰ আৰম্ভণিৰ লগে লগে। তেওঁলোকৰ জন্ম আৰু প্ৰায় গোটেই বিশ্বজুৰি নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰাৰ মূল অস্ত্ৰপাতৰ বিষয়ে নিখুঁতভাবে জানিবলৈ হ'লে IIT Delhi ৰ pass out engineer ৰবি কোহাৰৰ "Banko ka Mayajaal" নামৰ ১০০ পৃষ্ঠাৰ কিতাপ খন অধ্যয়ন কৰিব লাগিব। কিতাপখনৰ PDF তলত দিয়া আছে, সম্পূৰ্ণকৈ পঢ়ি ল'ব, তেতিয়াহে মই কৈ থকা কথাবোৰৰ সাৰমৰ্ম বুজি পাব। এতিয়াই download কৰি পঢ়ি লওঁক।

(Google এ eBook খনৰ লিংকটো এই প'ষ্টটোত দিবলৈ নিদিয়ে। কিতাপখন পঢ়িবলৈ epicdeep09@gmail.com ইয়াত "eBook" বুলি Mail কৰক।)

কিতাপখন যদি পঢ়ি হ'ল তেন্তে আপুনি তেওঁলোকৰ ভবিষ্যত লক্ষ্য আৰু উদ্দেশ্য নিশ্চয় গম পাইছে। সেইটো হৈছে One World Government প্ৰতিষ্ঠা কৰা। আৰু সেই উদ্দেশ্যৰে এটা অংশ হৈছে এই ক'ৰনা ষড়যন্ত্ৰ, যিটোক এটা World Order বুলিও কোৱা হয়। এইটোক আপুনি এটা Global Experiment হিচাপে ভাবিব পাৰে। এইটো এনেকুৱা এটা জটিল ষড়যন্ত্ৰ যিটোক আপুনি মই যদি ভূল প্ৰমাণ কৰিব বিচাৰো তেন্তে আমাৰ বহু বছৰ লাগি যাব। কাৰণ ক'ৰনা ভাইৰাছটো সচাঁকৈ মাৰাত্মক হয়নে নহয় সেয়া পৰীক্ষা কৰাটো ইমান সহজ নহয়। বহু অত্যাধুনিক যন্ত্ৰ পাতি, পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতহে এটা সঠিক মন্তব্য দিয়াটো সম্ভৱ আৰু সেয়া কৰিবলৈ আমাৰ কাৰোৰে সমৰ্থও নাই আৰু সময়ো নাই। সেইকাৰণে আমি চৰকাৰীভাৱে কৰা পৰীক্ষা নিৰীক্ষাৰ সিদ্ধান্তকে আচল বুলি ভাবি মানি লৈছোঁ।
কিন্তু ইয়াৰ মাজতে নিজৰ সময় উলিয়াই আৰু সামৰ্থ্য অনুযায়ী কেইজনমান সৎ প্ৰকৃতিৰ ডক্টৰে নিজৰ জ্ঞান আৰু পৰীক্ষাৰ দ্বাৰা সাধাৰণ মানুহক এই ক'ভিড ষড়যন্ত্ৰটো বুজাবলৈ চেষ্টা কৰিছে।

কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ বৃটিছৰ দিনৰ গোলামী মানসিকতা এতিয়াও যোৱা নাই, সেয়েহে আমি বেছিভাগেই সত্যৰ সন্ধান কৰিবলৈ এৰি দিছো আৰু পাহৰি গৈছো। আনকি যিকেইজনে সত্যটো বুজাবলৈ চেষ্টা কৰিছে তেওঁলোককো গুৰুত্ব দিবলৈ পাহৰি গৈছো। অৱশ্যে এই ক্ষেত্ৰত আপোনালোকৰ সম্পূৰ্ণ দোষ নাই কাৰণ চৰকাৰসমূহে আপোনালোকক যিটো দৃশ্য দেখুৱাবলৈ ‌বিছাৰিছে সেইটোহে অতদিনে দেখি আহিছে। আৰু যিবোৰ দেখি আছে সকলো নাটক, যিটো আপোনালোকৰ কিছু কিছুৱে হয়তো চৰকাৰৰ মতি-গতিবোৰ দেখি ধৰিব পাৰিছে। কাৰণ নাটক এখন যিমানেই ভালকৈ নকৰক কিয়, নাটক বুলি এটা সময়ত ধৰিব পাৰি। কিছুমানে সোনকালে গম পাই যায়, কিছুমানে দেৰিকৈ। বছ্ সিমানেই।।

সত্যটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আছে ড° বিশ্বৰূপ ৰয় চৌধুৰী, অসমৰ ড° সত্যকাম ফুকনৰ লগতে আৰু বহু গুণী জ্ঞানী ব্যক্তিকেইজনমানে। সত্য আৰু ষড়যন্ত্ৰবোৰ বুজি পাব ইয়াত : https://coronakaal.tv/video-of-the-day/
গণতন্ত্ৰৰ যদি কিবা মূল্য আছে তেন্তে হিমন্ত বিশ্বই News Live ত অকলে অকলে যে Talk Show বোৰ কৰি থাকে, সত্যকাম ফুকনৰ লগত কিয় debate কৰিব নোৱাৰে, বেলুন ফুটি যোৱাৰ ভয়ত?

বহুতো কথা ক'লো। আৰু বহলাই নাথাকো। যিবোৰ সত্যৰ উৎস দিয়া হৈছে, এবাৰ গৈ চাব, স্বয়ংক্ৰিয় ভাৱে বুজি পাব। অনাগত সময়ত আৰু দি যাম।

কমেন্টত মনৰ ভাব প্ৰকাশ কৰিব পাৰে!

ধন্যবাদ।।

Part 2https://www.grabitgo.com/2021/09/covid-19-world-order-part-2.html

Post a Comment

0 Comments