Covid-19, World Order - মোৰ ব্যক্তিগত অভিজ্ঞতা! (Part-2)

Covid-19, World Order - মোৰ ব্যক্তিগত অভিজ্ঞতা! (Part-2)

Part 1 ত আমি স্পষ্টকৈ উমান পালো যে যোৱা বছৰৰ পৰা চলি থকা এই ক'ভিড ষড়যন্ত্ৰ আচলতে কোনে কৰি আছে। যদি এতিয়াও বুজি পোৱা নাই, তেতিয়াহ'লে আপুনি "Banko ka Mayajaal" কিতাপখন পঢ়া নাই! এতিয়াই পঢ়িবলৈ হ'লে epicdeep09@gmail.com ত 'eBook' বুলি Mail কৰক।

এতিয়া এই ষড়যন্ত্ৰ যে চলি আছে সেইটো সচাঁ, কিন্তু ষড়যন্ত্ৰ বুলি গম পাইয়ো মানুহবোৰে কিয় জোৰদাৰ প্ৰতিবাদ কৰা নাই? কাৰণটো হৈছে ৮০% মানুহৰ চকু এতিয়াও খোল খোৱা নাই! কাৰণ চৰকাৰী আঁচনি বা নিৰ্বাচনক যিদৰে Funding দি Promotion বা প্ৰচাৰ কৰা হয়, তেনেকৈ Dr. Biswaroop Roy Choudhury
এ যুক্তিসংগত ভাবে কোৱা কথাবিলাক সক্ৰিয়ভাৱে প্ৰচাৰ হোৱা নাই, কাৰণ সচাঁ কথাৰ প্ৰচাৰ চলাবলৈ আজিকালি কোনেও Funding নিদিয়ে।

ভাৰতৰ প্ৰায়ভাগ ৰাজনৈতিক দলে আৰু চৰকাৰী নেতাসকলে সত্যটো প্ৰচাৰ কৰাৰ পৰা বিৰত থকাৰ সময়ত Parner, Maharashtra ৰ MLA Nilesh Dnyandev Lanke জী এ Dr. Biswaroop Roy Choudhury ৰ সৈতে প্ৰত্যক্ষ আৰু সক্ৰিয়ভাৱে ক'ভিডৰ ষড়যন্ত্ৰ আৰু ইয়াৰ প্ৰতিকাৰ ৰ বিষয়ে প্ৰচাৰ কৰিছে। তেওঁলোকৰ প্ৰকৃত আৰু যুক্তিসংগত সত্যৰ প্ৰচাৰৰ প্ৰভাৱত পৰি ময়ো সেই বাৰ্তা অসমীয়াত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছো।

গতিকে আমি এতিয়া লাহে লাহে বুজিব পাৰিছো যে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে কিয় জোৰদাৰ প্ৰতিবাদ হোৱা নাই। আৰু এটা মূল কাৰণৰ বাবে প্ৰতিবাদ হোৱা নাই। কাৰণটো হৈছে, এই ক'ভিড পৰিস্থিতিক লৈ আমাৰ যুৱ প্ৰজন্মৰ মাজত একেবাৰেই সজাগতা নাই। যি হৈ আছে হৈ থাকক বুলি প্ৰত্যেকেই নিজৰ নিজৰ ৰ কামত ব্যস্ত হৈ আছে। তেওঁলোকৰ মাজত কিয় সজাগতা নাই সেয়া স্বয়ং তেওঁলোকক সুধিলেই কৈ দিব। পোনপটীয়াকৈ নহ'লেও পৰোক্ষভাৱে এটা কথাই বুজাব। যিহেতু মই এই প্ৰজন্মৰে এজন গতিকে ইয়াৰ বিষয়ে মই সঠিককৈ অৱগত কৰিব পাৰিম।
সেই বিশেষ কাৰণটো হৈছে - তেওঁলোক বৰ্তমানৰ শিক্ষা ব্যৱস্থা, যিটোৰ সৈতে তেওঁলোক সৰুৰে পৰা জড়িত, তাক লৈ অলপো সন্তুষ্ট নহয়। কাৰণ বৃটিছৰ এই শিক্ষা ব্যৱস্থাটোক বৃটিছ যোৱাৰ পিছৰ পৰা বিশেষ একো সালসলনি কৰা হোৱা নাই। আৰু বৃটিছৰ দিনৰ এই ব্যৱস্থাটো অধ্যয়ন কৰিলে বুজি পাব যে এই ব্যৱস্থাটোৱে ভালতকৈ ভাল চাকৰ জন্ম দিয়াৰ বাহিৰে আন একো নকৰে। কাৰণ এই ব্যৱস্থাত পঢ়ি শুনি ICS বিষয়া হোৱা নেতাজী সুভাষ চন্দ্ৰ বসুৱে সচাকৈয়ে এই ব্যৱস্থাটোৰ উদ্দেশ্য ভাল হোৱা হ'লে সেই পদ ত্যাগ নকৰিলেহেতেঁন।

মই এইটো বুজোৱা নাই যে IAS, ICS, Doctor, Engineer এইবোৰ হৈ লাভ নাই! মই বুজাব বিছাৰিছো যে এইসমূহ হোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো কাৰ্যকৰী কৰাৰ পদ্ধতিটো শুদ্ধ নহয়। উদাহৰণস্বৰূপে, সহজভাৱে আৰু মোৰ অভিজ্ঞতাৰ পৰা ক'বলৈ গ'লে এজন ইঞ্জিনিয়াৰক যদি প্ৰথমতে ইন্জিন এটা কেনেকৈ চলে সেইটো দেখুৱাই লৈ তাৰ পিছত যদি তাৰ থিয়ৰীটো বুজায় তেন্তে খুব কম সময়তে তেওঁ সেই ইন্জিন চলা প্ৰক্ৰিয়াটো বুজি পাব। First application then theory! কিন্তু তাকে নকৰি এলাহৰ বাবে আজি প্ৰায়ভাগ কলেজতে তাৰ ওলোটা পদ্ধতিত শিক্ষা দি আছে। ফলত ছাত্ৰ-ছাত্ৰী সকলে কলেজলৈ গৈ আমনি পায় আৰু অনলাইনৰ পৰা ব্যৱহাৰিক জ্ঞান লৈ পঢ়ি ভাল পায়। এই ডাঙৰ ভূলটো গোটেই শিক্ষা ব্যৱস্থাতে হৈ আছে আৰু মূলতঃ এইটো কাৰণতেই এই মহা ষড়যন্ত্ৰ চকুৰ আগতে দেখিও বুজি নোপোৱাৰ ভাও ধৰি যোৱা ডেৰ বছৰে ঘৰত সোমাই আছে।।
কলেজলৈ গৈ ইমানেই ভাল পোৱা হ'লে তেওঁলোকে যোৱা ডেৰ বছৰে প্ৰতিবাদ কৰি চৰকাৰক আৰু কলেজ কতৃপক্ষক জবাবদিহি কৰিলেহেঁতেন!

এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে চাগে সকলো ঠাণ্ডা কিয় হৈ আছে আৰু যাৰ যেনেকৈ মন যায় তেনেকৈ সময় উপভোগ কৰি আছে! আৰু এই কথাটো সেই বিশ্ব শাসক সকলে আগতেই বুজিব পাৰিছিল আৰু সেইকাৰণে এই ষড়যন্ত্ৰ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। নহ'লে ২০০৯ চনত ফাদিল হোৱা Swine Flu Scam ৰ দৰে এই Covid 19 ষড়যন্ত্ৰও ফাদিল হ'লহেঁতেন।

যদি এতিয়াও বুজি পোৱা নাই তেন্তে Part-1 ৰ পৰা আকৌ পঢ়ক।

মনৰ ভাব তলত প্ৰকাশ কৰিব পাৰে।

ধন্যবাদ।।

Part 1https://www.grabitgo.com/2021/08/covid-19-world-order.html

Post a Comment

2 Comments

Feel free to write your thoughts in comments!